ম’ক্‌ টেষ্ট আৰু ইয়াৰ প্ৰয়োজনীয়তা

  •   11-Nov-2021

জীৱনৰ বাবে দৰকাৰী অৰ্হতা বা জ্ঞান আহৰণ শিক্ষাৰ মূল উদ্দেশ্য যদিও আমাৰ শিক্ষা-ব্যৱস্থাত এনে অৰ্হতাৰ জোখ লোৱা হয় একোটা পাঠ্যক্ৰমৰ অন্তত পতা পৰীক্ষাৰ জৰিয়তে৷ পৰীক্ষাত প্ৰাপ্ত নম্বৰ বা ভাল গ্ৰেডেই একোগৰাকী শিক্ষাৰ্থীৰ মেধাৰ মাপ-কাঠি হিচাবে পৰিগণিত হয়৷ সেয়েহে পৰীক্ষাত উচ্ছ নম্বৰ বা গ্ৰেড লাভ শিক্ষাৰ্থী আৰু অভিভাৱক উভয়ৰে মূল লক্ষ্য হৈ পৰে৷ নিৰ্ধাৰিত পাঠ্যক্ৰমৰ বাবে শ্ৰেণীত হোৱা পাঠদানৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীয়ে পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে যদিও পৰীক্ষাত ভাল ফল লাভৰ বাবে পৰীক্ষা গৃহত কিদৰে প্ৰশ্নকাকতৰ উত্তৰ কৰিব – তাৰ প্ৰস্তুতিও দৰকাৰী দিশ হৈ পৰে৷ আমাৰ বহুতো শিক্ষাৰ্থীৰে নিৰ্ধাৰিত পাঠৰ ওপৰত যথেষ্ট দখল থাকে যদিও উপযুক্ত প্ৰস্তুতিৰ অভাৱত পৰীক্ষাত আশানুৰূপ ফল লাভ কৰিব নোৱাৰে৷ গতিকে বিদ্যালৰ শ্ৰেণীকোঠাত পাঠ গ্ৰহণৰ সময়ত দিবলগীয়া মনযোগ, পাঠ্যক্ৰমৰ কালছোৱাত নিয়মীয়া অধ্যয়ন, অনুশীলন আৰু নিৰ্ধাৰিত পাঠ আয়ত্ত কৰাৰ পিচত উপযুক্তভােৱ পৰীক্ষাৰ বাবে প্ৰস্তুতি এই আটাইকেইটাই শিক্ষাৰ্থীৰ উদ্দেশ্য সফল হোৱাত মুখ্যতঃ সহায় কৰে৷ এই আলোচনাত HSLC বা যিকোনো পৰীক্ষাৰ বাবে নিজকে প্ৰস্তত কৰিবলৈ শিক্ষাৰ্থীয়ে ল’ব পৰা এটি পদক্ষেপৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ৷ আমি মন কৰিছোঁ যে প্ৰতি বছৰে HSLC পৰীক্ষাৰ বাবে পতা বাছনি পৰীক্ষাসমূহ হৈ যোৱাৰ পিচত বিভিন্ন সংগঠনে বা প্ৰকাশকে অসমৰ প্ৰায় আটাইবোৰ Test Boardৰ Question Paperবোৰ সংগৃহীত ৰূপত প্ৰকাশ কৰি উলিয়ায়৷ অৰ্থাৎ এই Test Paperবোৰ আগন্তুক HSLC পৰীক্ষাৰ বাবে আৰ্হি প্ৰশ্ন কাকত হিচাবে পৰিগণিত হয়৷ একেদৰে বিগত কেই বছৰমানৰ পৰীক্ষাৰ প্ৰশ্নকাকত গোটালে সেইবোৰেও আগন্তুক পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীক প্ৰস্তুত হোৱাত সহায় কৰে৷ কিন্তু এই প্ৰস্তুতি বেছি ফলপ্ৰসূ হয় যদিহে শিক্ষাৰ্থীয়ে কৃত্ৰিম পৰীক্ষা বা Mock Testৰ জৰিয়তে নিজকে প্ৰস্তুত কৰে৷ Mock Testৰ বাবে আমি কি কৰিব লাগিব? আমাৰ পাঠ্যক্ৰমত থকা প্ৰতিটো বিষয়ৰ নিৰ্ধাৰিত পাঠ শেষ হোৱাৰ পিচত আগন্তুক চূড়ান্ত পৰীক্ষাৰ বাবে নিৰ্ধাৰিত পাঠসমূহ সাৱলীলভাৱে অধ্যয়ন কৰি ল’ব লাগে৷ তাৰ পিচত নিজাববীয়াকৈ এখনি পৰীক্ষা পঞ্জী [Routine বা Schedule] প্ৰস্তুত কৰি লৈ নিজৰ পঢ়া কোঠাত বা অন্য তেনে সুবিধাজনক ঠাইত পৰীক্ষা গৃহ সদৃশ পৰিৱেশ সৃষ্টি কৰিব লাগে৷ পৰীক্ষাত লিখিবলৈ দৰকাৰ হোৱা চকী-মেজ, নিজৰ লিখন সামগ্ৰী, বহী আদি সাজু কৰি লৈ পৰীক্ষাৰ বাবে নিৰ্ধাৰিত সময়ত [তিনি ঘণ্টা? ] নিজকে অন্য কামৰ পৰা মু্‌ক্ত কৰি ল’ব লাগে৷ নিৰ্ধাৰিত এটি বিষয়ৰ বাবে আগৰ বছৰৰ বা অন্য Boardৰ Testৰ এই বছৰৰে এখনি প্ৰশ্ন কাকত লৈ পৰীক্ষাত বহিব লাগে৷ পৰীক্ষাৰ সমছোৱাত ঘৰ বা সমাজৰ অন্য সকলো দিশৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে৷ এই কৃত্ৰিম পৰীক্ষা যিহেতু আত্ম প্ৰস্তুতি আৰু আত্ম বিশ্বাস গঢ়ি তোলাৰ বাবেহে, সেয়েহে নিজকে ফাঁকি নিদিয়াকৈ এই পৰীক্ষাত বহিব লাগে৷ তাৰ পিচত সম্ভৱ হ’লে কোনো শিক্ষকৰ দ্বাৰা অথবা জে্ষ্ঠজনৰ সহায় লৈ এই পৰীক্ষা মূল্যায়ন কৰিব লাগে৷ এনে Mock Testএ এগৰাকী পৰীক্ষাৰ্থীক আত্মবিশ্বাসৰ জৰিয়তে সন্মুখত থকা পৰীক্ষাৰ বাবে মানসিকভাৱে সবল কৰি তোলে৷ তদুপৰি এটা বিষয়তে একাধিকবাৰ এনে Testত বহিলে পাঠসমূহৰ ওপৰত হ’ব পৰা প্ৰশ্নৰ আভাসো ভালদৰে পোৱা যায়৷ সৰ্বোপৰি Mock Test-ৰ প্ৰধান উপকাৰিতা হ’ল পৰীক্ষাৰ্থীক সময়ৰ সদ্‌ব্যৱহাৰৰ প্ৰতি সজাগ কৰাটো৷ এখন প্ৰশ্ন কাকতত থকা বিভিন্ন দৈৰ্ঘ্যৰ [মূল্যাংকৰ] প্ৰশ্নৰ বাবে পৰীক্ষাগৃহত সময়ৰ বিতৰণ কেনে হোৱা দৰকাৰ – Mock Test-ৰ জৰিয়তে সেয়াও আয়ত্ত কৰিব পাৰি৷ আজি কালি বিভিন্ন নগৰ-চহৰত Mock Test-ৰ আয়োজন কৰাৰ বাবে ব্যক্তিগত খণ্ডত বিভিন্ন অনুষ্ঠান গঢ়ি উঠিছে৷ অকল শৈক্ষিক পাঠ্যক্ৰমৰ পৰীক্ষাৰ বাবেই নহয়, এনেকি চাকৰিৰ বাবে দিবলগীয়া লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ বাবেও Mock Test ফলদায়ক৷ বিভিন্ন Professional পাঠ্যক্ৰমত Mock Test পাঠৰেই অংশ কৰিলৈ ছাত্ৰ-ছাত্ৰীক উচ্ছ চাকৰিৰ বাবে প্ৰস্তুত কৰা দেখা যায়৷ আমাৰ বিদ্যালয়সমূহতো চূড়ান্ত পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ মাজত এনে Mock Test-ৰ জৰিয়তে প্ৰস্তুতিত অধিক সহায় কৰি সুফল পাব পাৰে৷


Share event :