About Jigyas

Know more about Jigyas

১৯৯১ চনৰ ২৮ ফেব্ৰুৱাৰী ৷ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ৷ এই শুভ দিনটোতে অসমৰ বিদ্যায়তনিক ক্ষেত্ৰ খনত আত্মপ্ৰকাশ ঘটিছিল ’সাপ্তাহিক জিজ্ঞাস’ৰ ৷ বৌদ্ধিক যাত্ৰাৰ ৩১ বছৰত সফলতাৰে পদাৰ্পণ কৰা জিজ্ঞাস প্ৰকাশন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত এই ’সাপ্তাহিক জিজ্ঞাস’ অসমৰ একমাত্ৰ শৈক্ষিক বাৰ্তালোচনী ৷ যি সময়ত অসমৰ শিক্ষা জগতত, বিশেষকৈ গাওঁ অঞ্চলত, গৃহশিক্ষক আৰু আন কোনো নিৰ্ভৰযোগ্য সহায়ক গ্ৰন্থ, আলোচনী বা বাৰ্তালোচনীৰ বিশেষ ব্যৱস্থা নাছিল সেই সময়ত ছাত্ৰছাত্ৰী সকলৰ বৌদ্ধিক বিকাশৰ উত্তৰণত সহায়ৰ হাত আগবঢ়োৱাতোই আছিল আমাৰ এই জিজ্ঞাস বাৰ্তলোচনীৰ একমাত্ৰ উদ্দেশ্য ৷ সেই সময়ত শিক্ষাৰ ক্ষেত্ৰত আজিৰ দৰে বৈদ্যুতিন মাধ্যমৰ কোনো ব্যৱস্থাই নাছিল আৰু অসমৰ ছাত্ৰছাত্ৰী সকলে লাভ কৰা সুবিধা দেশৰ আন ৰাজ্যৰ ছাত্ৰছাত্ৰীৰ তুলনাত বৰ পুতৌজনক আছিল ৷ সেয়েহে আমাৰ ছাত্ৰছাত্ৰী সকলেও যাতে বিদ্যায়তনিক দিশত কিছু সমল লাভ কৰিব পাৰে তাৰ বাবে আমি এই বাৰ্তালোচনী খন প্ৰকাশ কৰি অসমৰ চুকেকোণে শিক্ষাৰ প্ৰচাৰৰ দিহা কৰিছিলোঁ ৷ সেইমতে, বিশেষকৈ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰায় সকলো ছাত্ৰছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক-অভিভাৱিকা সকলে ’জিজ্ঞাসক’ সহৃদয়ে আদৰি লৈ আমাৰ উদ্দেশ্য সফল কৰিছিল ৷

সময় কিছু সলনি হ'ল ৷ যোৱা দুটি বছৰে ক’ভিড অতিমাৰীয়ে বিশ্বৰ আন সকলো ক্ষেত্ৰৰ লগতে শৈক্ষিক ক্ষেত্ৰ খনত এক চম্ভালিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ তথাপি সৌভাগ্যক্ৰমে স্মাৰ্ট ফোনত ইন্টাৰনেটৰ ব্যৱহাৰ কৰি ’অনলাইন’ ব্যৱস্থাৰে কৰা শিক্ষাদানে বিনষ্ট হোৱা শৈক্ষিক ব্যৱস্থাক কিছু নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ৷ আমাৰ ’জিজ্ঞাস’ৰ পঢ়ুৱৈ সকলকো আমি এই নতুন ব্যৱস্থাৰে যাতে তেওলোকৰ পাঠ্যক্ৰমৰ পাঠভিত্তিক আলোচনা, প্ৰশ্নোত্তৰ, সাধাৰণ জ্ঞান, সম্পাদকীয়, সপ্তাহটোত বিশ্ব, কেৰিয়াৰ প্লেনিং, শিক্ষা বিষয়ক প্ৰবন্ধ আদিৰ লগতে জ্ঞান-বিজ্ঞান, সঁফুৰা, বীক্ষা আৰু আজৰি পৰৰ ধেমালি আদিৰ দৰে অতি মনোগ্ৰাহী শিতানেৰে ১৬ পৃষ্ঠাৰে পৰিপূৰ্ণ ’সাপ্তাহিক জিজ্ঞাস’ বাৰ্তালোচনী খন ’অ’নলাইন’ পঢ়িব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে ৷ এই ব্যৱস্থাৰ বাহিৰেও আগৰ দৰে চপা আকাৰে এই বাৰ্তালোচনী প্ৰকাশ পাইয়ে থাকিব ৷ ক’ভিডে ব্যাহত কৰা ৰাজ্যৰ যোগাযোগে যোৱা দুবছৰে ’জিজ্ঞাস’ক সময়মতে বিভিন্ন ঠাই গৈ পোৱাত বাধাৰ সৃষ্টি কৰিছে ৷ আনহাতে, ছাত্ৰছাত্ৰী আৰু অভিভাৱক সকলৰ বিপুল দাবীৰ প্ৰতি সন্মান জনাই আমি ইয়াক ’অনলাইন’ কৰাৰ ব্যৱস্থা কৰাৰ দিহা কৰিছোঁ ৷
আমাৰ আশা, আগৰ দৰে অসমৰ বিদ্যানুৰাগী সকলে আমাৰ এই প্ৰচেষ্টাক দিহা পৰামৰ্শৰে সহায় কৰিব

আমাৰ অনুৰোধ :
’অনলাইন’ত আপোনাৰ ’সাপ্তাহিক জিজ্ঞাস’ খন পঢ়িবৰ বাবে আমাৰ এই ’ৱেবচাইটত’ দিয়া নিয়মমতে নিজৰ নামটো পঞ্জীয়ন কৰক ৷