কৰ্মব্যস্ত নোহোৱাকৈ কৰ্তব্যৰ পৰা অব্যাহতি লোৱা সময় খিনিয়েই হ’ল আজৰি সময়৷দেহ আৰু মনক সতেজ আৰু পুনৰুদ্দীপ্ত কৰি তুলিবৰ বাবে জিৰণি বা আজৰি সময়ৰ প্ৰয়োজন, যিয়ে আমাৰ মনত কৰ্মপ্ৰেৰণা যোগোৱাৰ লগতে সুস্থ ব্যক্তিত্ব গঠনত সহায় কৰে৷ দাৰ্শনিক এৰিষ্ট’টলৰ মতে “আজৰি সময়ত পোৱা সুবিধাইহে ব্যক্তিক প্ৰকৃত জ্ঞান দিব পাৰে” (Wisdom cometh by ohportunity of leisure)৷ জিৰণি সময় মানে নিজ ঘৰত এলেহুৱা হৈ বহি থকা, বিছনাত শুই থকা অথবা অকাৰণতে বাটত ঘূৰি ফুৰাটোকে নুবুজায়৷ সুচিন্তিত পৰিকল্পনাৰে কিছুমান গঠনাত্মক কামৰ যোগেদি নিজৰ নিজৰ সুপ্ত প্ৰতিভা বিকশাই তোলাটোৱে হৈছে আজৰি সময়ৰ সদ্ব্যৱহাৰ, যাৰ জৰিয়তে পৰিয়ালৰ লগতে সমাজৰো কল্যাণ সাধন কৰিব পাৰি৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ ফলস্বৰূপে বিভিন্ন যন্ত্ৰ আৰু সা-সঁজুলিসমূহে আমাৰ জীৱনত ইমান প্ৰভাৱ পেলাইছে যে কায়িক শ্ৰমৰ অভাৱত গৰিষ্ঠসংখ্যক লোকেই এলেহুৱা আৰু শ্ৰমবিমুখ হৈ পৰিছে৷ অৱসৰৰ বেছিভাগ সময়েই টি.ভি চোৱা, চিনেমা চোৱা, গল্প-গুজব কৰা, পৰচ২৬১্া, পৰনিন্দা বা হাই কাজিয়া কৰা, ৰাগিয়াল বস্তু পান কৰা আদি কিছুমান অসামাজিক ক্ৰিয়া-কলাপত লিপ্ত হোৱাৰ ফলত সামাজিক বিশৃংখলতাই দেখা দিছে আৰু মানৱ জীৱনৰ সাৰ্থকতা হেৰাই যোৱাৰ উপক্ৰম হৈছে৷ জীৱনৰ বহুমূলীয়া সময়খিনি যদি আমি এইদৰে অপচয় কৰো তেন্তে জীৱশ্ৰেষ্ঠ হিচাপে চিনাকি দিয়াৰ কোনো অৰ্থ নাথাকে৷ দাৰ্শনিক ভিক্টৰ হিউগোৱে কৈছে– “সময়বোৰ অবাবতে নষ্ট কৰি আমি আমাৰ চুটি জীৱনবোৰ আৰু চুটি কৰি পেলাওঁ৷” গতিকে মহামূল্যবান সময়খিনি স্বচিন্তাকৃত কাৰ্যৰে কিদৰে ধৰি ৰাখিব পাৰি তাৰহে চিন্তা কৰা উচিত৷ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰীষ্মকালীন বন্ধৰ উপৰিও চূড়ান্ত পৰীক্ষাৰ পিছত বহুতো সময় অযথা পাৰ কৰে৷ আনকি বতৰটোৰ কৰ্মৰত দিনকেইটাতো শিক্ষানুষ্ঠানৰ অধিক পৰিমাণৰ অপৰিকল্পিত বন্ধসমূহে নিয়মীয়া পাঠ্যসূচী নিৰ্দিষ্ট সময়ত শেষ কৰাত বাধা প্ৰদান কৰাৰ লগতে অৱসৰ সময়ক এক সমস্যা ৰূপে গঢ় দি তোলে৷ এই সময়খিনিত ছাত্ৰ-ছাত্ৰীৰ ৰুচি-অভিৰুচিৰ প্ৰতি লক্ষ্য ৰাখি দৈহিক, বৌদ্ধিক, কলাত্মক, ক্ৰিয়াত্মক আৰু কিছুমান সামাজিক বিষয়ৰ শিক্ষা প্ৰদান কৰিব পাৰি৷ দৈহিক বিষয়ৰ ভিতৰত ক্ৰিকেট, ফুটবল, টেনিচ, ভলিবল, বাস্কেট বল আদি খেলৰ কথা উল্লেখ কৰিব পাৰি যাৰ যোগেদি মানসিক দৃঢ়তা, মনোবল, অধ্যৱসায় অনুশীলনী, নিয়মানুৱৰ্ত্তিতা আদি ব্যক্তিত্বৰ গুণসমূহ বিকশাই তুলিব পাৰি৷ বৌদ্ধিক বিষয়ৰ ভিতৰত আলোচনা চক্ৰ, কথিকা, আকস্মিক বক্তৃতা, বিজ্ঞান সংস্থা, কুইজ প্ৰতিযোগিতা আদিৰ ব্যৱস্থা কৰি মানসিক তৃপ্তি প্ৰদান কৰিব পাৰি৷ ঠিক সেইদৰে নৃত্য-গীত, নাট্যাভিনয়, চিত্ৰাংকন, ভাস্কৰ্য, ফুলসজ্জা আদি বিষয়ৰ প্ৰশিক্ষণ দি ছাত্ৰৰ মনত কলাত্মক অনুভূতিসমূহ জগাই তুলিব পাৰি৷ ইয়াৰ উপৰি কাগজৰ কাম, বাঁহ-বেতৰ কাম, পুতলা সজা, ফুল তোলা, ঊল গোঠা, পেলনীয়া বস্তুৰপৰা বিবিধ আকৰ্ষণীয় বস্তু সজা আদি কামবোৰৰ জৰিয়তে আজৰি সময়ৰ সদ্ব্যৱহাৰৰ লগতে অন্তনিৰ্হিত প্ৰতিভাৰ বিকাশ সাধন কৰি ভৱিষ্যতলৈ জীৱন নিৰ্বাহৰ পথ সুচল কৰিব পাৰি৷ সামাজিক বিষয়ৰ ভিতৰত এন.চি.চি, পিকনিক, শিক্ষামূলক ভ্ৰমণ আদি অন্তৰ্ভুক্ত কৰিব পাৰি যাৰ জৰিয়তে সামাজিক ক্ৰিয়াৰ দিশত নেতৃত্ব দানৰ ক্ষমতা আৰু সেৱাৰ মনোভাব গঢ়ি তুলিবলৈ চেষ্টা কৰা হয়৷ এইখিনিতে মন কৰিবলগীয়া যে অভিভাৱক বা শিক্ষকসকলে যদি ল’ৰা-ছোৱালীৰ আগ্ৰহ-অভিৰুচিৰ প্ৰতি লক্ষ্য নাৰাখি নিজ পচন্দ অনুসৰি কোনো বিষয় শিকাবলৈ বাধ্য কৰায় তাৰপৰা কোনো সুফল পোৱা নাযায়৷ ইয়াৰ ফলত বহুমূলীয়া সময় নষ্ট হোৱাৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগাবপৰা ব্যক্তিৰ বিলোপ সাধন হোৱাৰো সম্ভাৱনা থাকে৷ সদায়ে কৰি কৰি অভ্যস্ত হোৱা কামত মনোযোগ দিব নালাগে৷ সেয়েহে ৰেডিঅ’ বা টেপৰেকৰ্ডাৰৰ গান বা অন্যান্য উপভোগ্য অনুষ্ঠান শুনি থাকিও কিছুমান কাম কৰিব পাৰি৷ নিজৰ পঢ়া টেবুল চাফা কৰা, কাপোৰ ধোৱা বা ঘৰ-দুৱাৰ চাফ কৰা আদি কাম এই শ্ৰেণীৰ ভিতৰত পৰে৷ বৰ্তমান সময়ত দেখা গৈছে যে বেছিভাগ লোকেই দৈনন্দিন কামখিনি সমাপ্ত কৰি টি.ভি.ৰ ধাৰাবাহিক বা কথাছবি আদি উপভোগ কৰি সময় অতিবাহিত কৰে৷ অৱশ্যে জনসংযোগৰ মাধ্যম হিচাপে টি. ভি., ৰেডিঅ’, টেপৰেকৰ্ডাৰ আদিৰ যে শিক্ষণীয় দিশ আছে তাক নুই কৰিব নোৱাৰি৷ কিন্তু মন কৰিবলগীয়া কথা হ’ল যিবোৰ অনুষ্ঠানে আমাৰ গুণগত দিশৰ উৎকৰ্ষ সাধন কৰে সেইবোৰ অনুষ্ঠানহে উপভোগ কৰা উচিত৷ এই ক্ষেত্ৰত কথাছবি বা ধাৰাবাহিক নিৰ্মাতাসকলেও কেৱল অৰ্থনৈতিক লাভালাভৰ প্ৰতি গুৰুত্ব নিদি আদৰ্শগত দিশৰ ওপৰত গুৰুত্ব দিব লাগে৷ অভিভাৱকসকলেও দূৰদৰ্শনৰ অনুষ্ঠান উপভোগ কৰাৰ সময়ত ল’ৰা-ছোৱালীক সতৰ্ক কৰি দিয়াৰ লগতে নিজেও সচেতন হোৱা উচিত যাতে তেওঁলোকৰ সন্তান বিপথে পৰিচালিত নহয়৷ আজৰি সময় সাৰ্থকভাবে কটোৱাৰ আন এটা উপায় হ’ল কিতাপ পঢ়া৷ বন্ধুৰ ভিতৰতো কিতাপেই হ’ল শ্ৰেষ্ঠ বন্ধু৷ কিয়নো ই আজি যেনেকুৱা পিছলৈও তেনেকুৱা হৈয়েই থাকে৷ কাৰ্লাইলৰ মতে “কিতাপৰ সংগ্ৰহেই হ’ল আজিকালিৰ যুগৰ প্ৰকৃত বিশ্ববিদ্যালয়৷” কিন্তু লক্ষ্যণীয় দিশটো হ’ল কোনবোৰ কিতাপ পঢ়া উচিত বা অনুচিত৷ জ্ঞান আৰু সভ্যতাৰ বিকাশৰ লগে লগে হাজাৰ হাজাৰ কিতাপ ছপা হৈ আছে আৰু সেইবোৰ কিতাপহে পঢ়া উচিত যিবোৰে পাঠকৰ হৃদয়-মন আকৰ্ষিত কৰাৰ লগতে সুনাগৰিক হ’বলৈ শিকায়৷ উদাহৰণস্বৰূপে, প্ৰতিজন ছাত্ৰই পৃথিৱীৰ বিখ্যাত মহাকাব্য ৰামায়ণ আৰু মহাভাৰত পঢ়া উচিত৷ ইয়াৰোপৰি নিজ নিজ লক্ষ্যত উপনীত হোৱাত যিবোৰ কিতাপে সহায় কৰে সেইবোৰো পঢ়িব লাগে৷ সময়ৰ সদ্ব্যৱহাৰৰ ক্ষেত্ৰত অন্য এটা মন কৰিবলগীয়া দিশ হ’ল শৃংখলাবদ্ধতা৷ শৃংখলাবদ্ধভাবে যদি আমি কামবোৰ কৰি যাওঁ তেতিয়া অতি কম সময়ৰ ভিতৰত আমি তাক সমাপন কৰিব পাৰো৷ উদাহৰণস্বৰূপে ঘৰৰ দাঁত মজা ব্ৰাচডালৰপৰা আদি কৰি জোতাযোৰলৈ প্ৰতিটো বস্তুৱে যদি যথাস্থানত থওঁ তেতিয়া তাক বিচাৰি পোৱাত সহজ হয় আৰু সময়মতে কামটো সমাপন কৰিবও পাৰি৷ তদুপৰি যিকোনো কাম কৰোঁতে ধৈৰ্য সহকাৰে কৰিব লাগে৷ যদিহে এটা কাম শেষ নকৰাকৈ আন এটা কাম কৰা হয় তেতিয়া কামটো ভালদৰে হৈ নুঠে আৰু সময়বোৰো অথলে যায়৷ সময় বচোৱাৰ ক্ষেত্ৰত পূৰ্ব-পৰিকল্পনা অতি জৰুৰী৷ কামটো আৰম্ভ কৰাৰ আগতে কেনেদৰে আৰম্ভ কৰা উচিত, কিমান দূৰ সফল হোৱাৰ সম্ভাৱনা আছে আদি দিশ ভাবি চাব লাগে৷ আগপিছ নুগুণি কোনো কাম কৰিবলৈ ল’লে সফলতা অৰ্জন কৰাত কঠিন হয়৷ স্কুলীয়া ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত দেখা যায় প্ৰায়ভাগে তেওঁলোকৰ স্কুললৈ যোৱাৰ সময়ত দৌৰাদৌৰি আৰু ঘৰৰ আন সদস্যই কলম-পেঞ্চিল আদি বিচাৰি দিব লগা হয়৷ যাৰ ফলত সংশ্লিষ্ট সদস্যজনে নিজৰ কামটো সময়মতে সমাপন কৰাত বাধা পায়৷ এই ক্ষেত্ৰত অভিভাৱকসকল সচেতন হোৱা উচিত৷ ল’ৰা-ছোৱালীয়ে নিয়মানুৱৰ্ত্তিতা, শৃংখলাবদ্ধতা আদি গুণবোৰ যাতে তেওঁলোকৰপৰা অনুকৰণ কৰিব পাৰে তাৰ বাবে নিজকে আদৰ্শবান ব্যক্তি ৰূপে গঢ়ি তুলিব লাগে৷ যদিহে এই দায়িত্ব অকল শিক্ষকসকলৰ ওপৰতে এৰি দিয়া হয় তেতিয়া তাৰ পৰা সফলতা অৰ্জন কৰিবপৰা নাযায়৷ বিখ্যাত দাৰ্শনিক জৰ্জ বাৰ্ণাৰ্ড শ্বৰ মতে “যিসকল লোকে এই পৃথিৱীত উন্নতি কৰিছে; সেইসকলে সময়ক সদ্ব্যৱহাৰ কৰিছে আৰু নিজে বিচৰা সুযোগ বা সুবিধাৰ প্ৰতি সষ্টম হৈছে আৰু সেয়া যদি তেওঁলোকে বিচাৰি পোৱা নাই নিজে তাক তৈয়াৰ কৰিছে মেহনতৰ জৰিয়তে৷’’ গতিকে জীৱনটো সাৰ্থক কৰিবলৈ হ’লে সময়বোৰ সৎ তথা গঠনমূলক কামেৰে ধৰি ৰখাৰ উপৰি নিজ লক্ষ্যৰ প্ৰতি সচেতন থাকিব লাগিব৷ লক্ষ্য বিহীন জীৱন বঠাবিহীন নাঁৱৰ দৰে৷ ছাত্ৰৰ প্ৰধান কৰ্তব্য হ’ল অধ্যয়ন কৰা৷ গতিকে প্ৰতিকূল পৰিবেশৰ মাজতো নিজৰ অধ্যয়নৰ বাবে অনুকূল পৰিৱেশ নিজেই বিচাৰি ল’ব লাগিব৷ উৎসৱ-পাৰ্বন, থিয়েটাৰ, চিনেমা অদি কিছুমান সামাজিক প্ৰভাৱেও প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে৷ কিন্তু এটা কথা মনত ৰাখিব লাগিব যে চাৰ্টিফিকেটত কোনে কি পৰিবেশত পঢ়িছে, কি কাৰণত ফলাফল বেয়া হ’ল আদি কথা লিখা নাথাকে৷ গতিকে আমি সুবিধা নাই, অভাৱ আদিৰ অজুহাত দেখুৱাই নিজৰ শক্তি-সামৰ্থ প্ৰদৰ্শন নকৰাকৈ বহি থকাটো মূৰ্খামিৰ বাহিৰে একো নহয়৷ নিজে বিচৰা সুযোগ-সুবিধাৰ প্ৰতি সষ্টম হৈ আত্ম বিশ্বাস আৰু মনোবলেৰে জীৱন বাটত খোজ দিলে অকৃতকাৰ্য হোৱাৰ সম্ভাৱনা নাথাকে৷ ওপৰোক্ত আলোচনাৰপৰা আমি এটা কথাত উপনীত হ’ব পাৰো যে আজৰি সময়ৰ শিক্ষা বৰ্তমান যুগৰ বাবে অপৰিহাৰ্য বিষয়৷ এই শিক্ষাৰ উদ্দেশ্য ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক যোগ্যতাৰ মানদণ্ড নিৰূপণ কৰাটো নহয়৷ ব্যক্তিত্বৰ সুস্থ গুণ বা লক্ষণসমূহ বিকশাই তুলি ব্যক্তিৰ জীৱন সুন্দৰ আৰু মানবীয় গুণসম্পন্ন কৰি তোলাটোহে অৱসৰ সময়ৰ শিক্ষাৰ মুখ্য উদ্দেশ্য৷ স্কুল কলেজত দিয়া গতানুগতিক শিক্ষাই সুস্থ ব্যক্তিত্ব গঠনৰ শিক্ষা দিলেও ই পৰ্যাপ্ত নহয়৷ তদুপৰি এটা জাতিৰ জাতীয় চৰিত্ৰ আৰু কৰ্মক্ষমতা এই আজৰি সময়ৰ শিক্ষাৰ যোগদিহে প্ৰতিফলিত হৈ উঠে৷ সমাজৰ ধবংসাত্মক, হিংসাত্মক আৰু অপৰাধমূলক ক্ৰিয়া কলাপে এই শিক্ষাক বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে৷ বস্তুবাদী আৰু বৈষয়িক জীৱন যাপনে মানুহৰ মনৰ মানৱীয় অনুভূতিবোৰ নিষ্ক্ৰিয় কৰি তোলে, যাৰ ফলত আমি সৃষ্টিসুলভ গুণবোৰ হেৰুৱাই পেলাব লগীয়া হয়৷ আইনষ্টাইন, চি.ভি. ৰমণ, ডঃ আব্দুল কালাম আদি বিজ্ঞানী সকলৰ কৃতকাৰ্যতাৰ চাবিকাঠি আছিল সময়ৰ প্ৰতি সচেতনতা আৰু অধ্যৱসায়৷ জীৱনক ভাল পাবলৈ হ’লে সময়ৰ মূল্য বুজিব লাগিব৷ সময়ৰ সমষ্টিয়েই জীৱন৷ সীমাবদ্ধ জীৱনত কৰিবলগীয়া বহুত থাকে৷ তদুপৰি প্ৰতিটো খোজতে আছে বিপদ-বিঘিনি৷ তথাপি বৰ্তমান যুগত নিজৰ স্থান সুপ্ৰতিষ্ঠিত কৰিবলৈ হ’লে প্ৰতিটো মুহূৰ্তক কামত নিয়োগ কৰি আমাৰ কৰ্মেৰে জীৱনৰ মূল্য প্ৰতিপন্ন কৰিব লাগিব৷ কৰ্মৰ লগে লগে জ্ঞান আহৰণকো জীৱনৰ ব্ৰত হিচাপে ল’ব লাগিব৷ নিজৰ বাহিৰে আন কোনেও আমাক এই কামত সহায় কৰিব নোৱাৰে৷ জীৱনৰ প্ৰতিটো মুহূৰ্ত নিজৰ মতেৰে ৰঙীন কৰিব পাৰি৷ বেঞ্জামিন ফ্ৰেংকলিনে কৈছে –“ আজি হৈছে কালিৰ শিষ্য৷” আজিৰ কাম আজিয়েই নকৰি কাইলৈ পেলাই থ’লে সি ভয়ানক ৰূপে দেখা দিব৷ সেয়েহে পাখি লগা কাঁড়ৰ নিচিনা সময়ৰ যি অবিৰাম গতি তাক কৰ্মৰ বাহিৰে একোৰে ধৰি ৰাখিব নোৱাৰি৷ অন্য অৰ্থত বস্তু যি দৰে মূল্যৰে কিনিব পাৰি সময়ক নোৱাৰি৷ মহা মহা মনীষীসকলে এই অমূল্য ৰত্নবিধ খৰচ কৰিছে সৎ কাম, সৎ চিন্তা-চৰ্চাত আৰু উত্তৰ পুৰুষলৈ দি গৈছে অজস্ৰ চানেকি৷ সেয়েহে কবিয়েও গাইছে– “মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰো জীৱন গঢ়িত অভিনয় শেষ হ’লে আয়ু বেলি মাৰ গ’লে থৈ যাব পাৰোঁ খোজ সময় বালিত৷”